ইন্দিৰাইন্দিৰালয়

ইন্দিৰা গোস্বামী (Assamese) [ Roman: in.di.ra go`s.wa.mi]
Contributed by: Bikram M Baruah on 2009-11-18
1. PersonalitiesLiterature(Proper Noun-Feminine) an Assamese novelist, poet, editor, scholar and a professor. She is the winner of the Sahitya Akademi Award (1983), Jnanpith Award (2000) and is also India`s first Principal Prince Claus Laureate (2008). One of the most celebrated writers of contemporary Indian Literature, she is well known for novels such as The Moth Eaten Howdah of a Tusker, Pages Stained With Blood, and The Man from Chinnamasta. She is also well known for her attempts to structure social change, both through her writings and through her role as mediator between the banned secessionist group ULFA and the central government of India. Her involvement led to the formation of a peace committee - the People`s Consultative Group. She modestly refers to herself an `observer` of the ongoing peace process rather than a mediator or initiator. Her work has been performed on stage and in screen. Adajya, a film based on her novel won international awards. She left for her heavenly abode on November 29, 2011 at Guwahati. অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, কবি, গল্পকাৰ আৰু গৱেষক৷ দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা বিভাগত অধ্যাপক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰি বৰ্তমান অৱসৰ গ্ৰহণ কৰে৷ তেওঁ ১৯৮৩ চনত সাহিত্য একাডেমি বঁটা, ২০০০ চনত জ্ঞানপীঠ বঁটাৰ লগতে দেশ-বিদেশৰ একাধিক বঁটা-সন্মানেৰে বিভূষিত হয়৷ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ হ'ল- দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, মামৰে ধৰা তৰোৱাল আৰু দুখন উপনাস, চিন্নমষ্টৰ মানুহজন, চেনাবৰ সোঁত, তেজ আৰু ধুলিৰে ধূষৰিত পৃষ্ঠা আদি৷ সংস্কাৰ, উদং বাকচ আদি তেওঁৰ উল্লেখযোগ্য চুটিগল্প৷ "আধালিখা দস্তাবেজ" তেওঁৰ একমাত্ৰ আত্মজীৱনী৷ তেওঁ 'অসম সংযুক্ত মুক্তি বাহিনী' (আলফা) আৰু কেন্দ্ৰ চৰকাৰৰ মাজত আলোচনা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অসমৰ এটা জলন্ত সমস্যা সমাধানত মনোনিৱেশ কৰিছিল৷ ২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ গুৱাহাটীত ইহলীলা সম্বৰণ কৰে ৷